Bhabichhila E Buku Bharai Lyrics & Tabs by Bhupen Hazarika

Bhabichhila E Buku Bharai

guitar chords lyrics

Bhupen Hazarika

Album : Assamese Film Songs assam PlayStop

ভাবিছিলা এবুকু ভৰাই
ভাবিছিলা এবুকু ভৰাই ঘৰৰ মায়া পাবা
সেই মায়াৰে কোমল কোলাত ক্ষণিক জিৰাবা ।

ঘৰ আছে মায়া নাই
সঙ্গীহীনৰ সঙ্গী নাই
ফুলৰ যেন সুগন্ধি নাই
প্ৰদীপ আছে জেউতি নাই
কাৰনো মৰম আকোঁৱালি ল'বা?
সহাঁৰি নেপাবা ।
শ্ৰান্ত বতৰ ক্লান্ত বায়ু
সুৰও বন্দী হ'ল
আশাৰ তৰী
নিৰাশাৰ বালিত লাগি ৰ'ল ।
সকলো আছে কিবা নাই
জীৱন আছে ৰস নাই

নিৰাশাৰ বালিত লাগি ৰ'ল ।
সকলো আছে কিবা নাই
জীৱন আছে ৰস নাই
প্ৰভাত আছে সূৰ্য্য নাই
শূন্যতে একো যে নাই
কি বিচাৰি কলৈ গুছি যাবা
সহাঁৰি নেপাবা ।
ভাবিছিলা এবুকু ভৰাই ঘৰৰ মায়া পাবা
সেই মায়াৰে কোমল কোলাত ক্ষণিক জিৰাবা!!

Like us on Facebook.....
-> Loading Time :0.0104 sec