Kapili Kapili Lyrics & Tabs by Bhupen Hazarika

Kapili Kapili

guitar chords lyrics

Bhupen Hazarika

Album : Bhupen HazarikaPlayStop

কপিলী কপিলী
ৰাংঢালী ছোৱালী
মহিমা বুজাকে টান ।

কপিলী কপিলী
তই হৈ বাউলী
বাৰিষাত মাৰিলি ধান ।।
কপিলী কপিলী, গাভৰু ছোৱালী
চঞ্চলা নাই তোৰ মান ।
কপিলী কপিলী দেহাৰ ভাঁজে ভাঁজে
মিঠা যৌৱনৰে গান ।
কপিলী কপিলী, তইতো নাজান
তোৰ গাত কিমান শকতি;
তইতো নেজান তোতেই লুকাই আছে
হেজাৰ সূৰুযৰে জ্যোতি।
(সেয়ে) বিজ্ঞানী ডেকাটি, সাজি-কাচি ওলালে

তইতো নেজান তোতেই লুকাই আছে
হেজাৰ সূৰুযৰে জ্যোতি।
(সেয়ে) বিজ্ঞানী ডেকাটি, সাজি-কাচি ওলালে
লগত ওলালে হেজাৰ
মৃত্যুক নেওচি শ্ৰমিকো ওলালে
সাৱটি তোৰ দুয়ো পাৰ ।।
কপিলী কপিলী পাগলী ছোৱালী
মানুহক কৰিবি ত্ৰাণ,
উমৰাংচুজনীও তোৰেই লগে লাগি
হ'ব চিৰ জ্যোতিষ্মান ।।

Like us on Facebook.....
-> Loading Time :0.0069 sec