Agali Batahe Kanpale Lyrics & Tabs by Jayanta Hazarika

Agali Batahe Kanpale

guitar chords lyrics

Jayanta Hazarika

Album : Best of Jayanta HazarikaPlayStop

আগলি বতাহে কঁপালে কলৰে পাত
মন উৰণীয়া হেৰালে বাটৰে আঁত
আগলি বতাহে কপালে কলৰে পাত

বুজো কি নুবুজো
চিনাকি কুলিৰে মাত
মেলোঁ কি নেমেলোঁ মোৰ
আকাশে চুবলে হাত
হেৰালে বাটৰে আঁত
এটি সুৰ মাথোঁ
মনৰে ডালতে কঁপে
এটি মাথো পখী
এটি উৰে উৰে
কিনো ফুল সিটি
কিনো পখী সিটি
জিৰাব কিহৰে ছাঁত

কিনো ফুল সিটি
কিনো পখী সিটি
জিৰাব কিহৰে ছাঁত
হেৰালে বাটৰে আঁত

Like us on Facebook.....
-> Loading Time :0.0099 sec