Asiparar Baandhu Lyrics & Tabs by Bhupen Hazarika

Asiparar Baandhu

guitar chords lyrics

Bhupen Hazarika

Album : Aparupa (Original Motion Picture Soundtrack)PlayStop

অʼ বান্ধ,
অʼ সিপাৰৰ বান্ধ, শুনা
এন্ধাৰ ইটো পাৰ

কাল ধুমুহাই ঢাকে আকাশ
কৰাচোন সিপাৰ
(মোক) কৰাচোন সিপাৰ।
মেঘ বৰষুণ নেউচি মই
তোমাক কৰিম পাৰ;
পিছে, সিপাৰ এৰি কিহৰ আশাত,
মানি লʼলা হাৰ
মেঘ বৰষুণ নেউচি মই
তোমাক কৰিম পাৰ
বঠা ভাগে কাঠো পচা
শিমলুৰে নাও
বঠা ভাগে কাঠো পচা

বঠা ভাগে কাঠো পচা
শিমলুৰে নাও
বঠা ভাগে কাঠো পচা
শিমলুৰে নাও
জীৱনৰে সোঁত নেজানো
জীৱনৰে সোঁত নেজানো
আৰু পানীৰ ভাও
মোক কৰাচোন সিপাৰ।
ইপাৰে আনিলোঁ বাৰু
এৰি সিটো পাৰ
এৰা পাৰ সুঁৱৰি যদি
কৰা হাঁহাকাৰ
ইপাৰে আনিলোঁ বাৰু
এৰি সিটো পাৰ
নেলাগে নেলাগে মোক
নেলাগে নেলাগে মোক
মায়া ইপাৰৰ
বিচাৰিছোঁ মোহময়ী
বিচাৰিছোঁ মোহময়ী
কায়া সিপাৰৰ
মোক কৰাচোন সিপাৰ
সিপাৰ পালে ইপাৰ লাগে
অনন্ত পিয়াস
ইপাৰ সিপাৰ অহা-যোৱা
চক্ৰ অভিলাস
সিপাৰ পালে ইপাৰ লাগে
অনন্ত পিয়াস
অʼ বান্ধ,
অʼ সিপাৰৰ বান্ধ, শুনা
এন্ধাৰ ইটো পাৰ
কাল ধুমুহাই ঢাকে আকাশ
কৰাচোন সিপাৰ
(মোক) কৰাচোন সিপাৰ।

Like us on Facebook.....
-> Loading Time :0.0121 sec