Jhilikar Loitare Paar Lyrics & Tabs by Bhupen Hazarika

Jhilikar Loitare Paar

guitar chords lyrics

Bhupen Hazarika

Album : Pragjyoti assam PlayStop

জিলিকাব লুইতৰে পাৰ
এন্ধাৰৰ ভেটা ভাঙি
প্ৰাগজ্যোতিষত বয়

জেউতি নিজৰাৰে ধাৰ ।
শত শত বন্তিৰ
জ্ঞানৰে দীপালীয়ে
জিলিকাব লুইতৰে পাৰ ।
সাঁচিপাতে ভাষা দিব
চিফুঙে আশা দিব
ৰংঘৰে মেলিব দুৱাৰ ।
সমাজে সাবটিব
মহান মানৱতা
বিজ্ঞানে আনিব জোৱাৰ।
জিলিকাব লুইতৰে পাৰ।
নতুনৰ গতি খেদা

বিজ্ঞানে আনিব জোৱাৰ।
জিলিকাব লুইতৰে পাৰ।
নতুনৰ গতি খেদা
ডেকা গাভৰু আমি
নিৰ্ভীক কুৰি (এই) শতিকাৰ
অজ্ঞান চাকনৈয়া
এফলীয়া কৰি থৈ
মাৰি যাওঁ জীৱনৰ ডাঁৰ
জিলিকাব লুইতৰে পাৰ।

Like us on Facebook.....
-> Loading Time :0.0075 sec