Asta Akashate Lyrics & Tabs by Bhupen Hazarika

Asta Akashate

guitar chords lyrics

Bhupen Hazarika

Album : Bhupen HazarikaPlayStop

লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্যইও সকীয়াই দিয়ে
মানৱ ইতিহাসৰ অপাৰ দিগন্তৰ কথা
এই খনেই বৰলুইত

অস্ত আকাশৰে সপোন ৰহণ সানি
ক্লান্ত লুইতৰে হেঙুলীয়া পানী।
বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়।
কোন সুন্দৰৰে শিল্পীয়ে পদুম ফুলৰ নাৱেৰে
ময়ূৰপংখী ৰহণবোৰ দিয়ে ছটিয়ায়।
দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস
কত যুগৰ, শত আশা-নিশাৰে নিশ্বাস।
লক্ষ্য যদি দিগন্ত শিল্পী হে' তোমাৰ
পদুমৰে পানচৈ চপোৱাঁ এবাৰ
দেখিবা, জীৱনৰে দিগন্ত অপাৰ।
বেলি যে যায়, বেলি যে যায়
বেলি যে যায়।।

দেখিবা, জীৱনৰে দিগন্ত অপাৰ।
বেলি যে যায়, বেলি যে যায়
বেলি যে যায়।।

Like us on Facebook.....
-> Loading Time :0.0107 sec