Mor Geetar Hejar Shrota (Original) Lyrics & Tabs by Bhupen Hazarika

Mor Geetar Hejar Shrota (Original)

guitar chords lyrics

Bhupen Hazarika

Album : Shraddhanjali Tribute To Dr Bhupen HazarikaPlayStop

মোৰ গীতৰ হেজাৰ শ্ৰোতা!
তোমাক নমস্কাৰ!
গীতৰ সভাত তুমিয়েতো প্ৰধান অলংকাৰ ।।

প্ৰয়াস কৰোঁ- তোমাৰ মুখত হাঁহি বিলাবলেʼ
প্ৰয়াস কৰোঁ- তোমাৰ দুখত সঁচাই কান্দিবলেʼ
তোমাৰ ক্ৰোধত ক্ৰোধান্বিত হৈও গীত ৰচোঁ
ব্যক্তিসমূহৰ হৈ সুৰৰ শৰাই যাচোঁ
(সেয়ে) গীতৰ কুসুমেৰে আজি জীৱন জাতিষ্কাৰ ।।
ভুল যদি হয় সৃষ্টিত মোৰ,
তুমি হোৱা চিন্তিত
সমালোচনাৰ অগনিৰে পুৰি
মোকো কৰা উন্নত ।
শৈশৱতে এখন দুখন গীতৰ সভাত গাই
মন উজাৰ কৰোতেই বুকুত দিলা ঠাই ।
তোমাৰ বুকুৰ তপত উমৰ উদগনি পাই

শৈশৱতে এখন দুখন গীতৰ সভাত গাই
মন উজাৰ কৰোতেই বুকুত দিলা ঠাই ।
তোমাৰ বুকুৰ তপত উমৰ উদগনি পাই
জীৱনৰে দুপৰীয়াও আছো গীত গাই।
গীতৰ সভাত আছিলোঁ মই তোমাৰেই আৱিষ্কাৰ ।
গীতৰ সভাত তুমিয়েতো প্ৰধান অলংকাৰ ।।

Like us on Facebook.....
-> Loading Time :0.0075 sec